এক আচুতীয়া সাক্ষাৎকাৰ – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

এক আচুতীয়া সাক্ষাৎকাৰ

By Usha Das

মায়াময় আছিল কোঠাটোৰ পোহৰ বোৰ
আয়তকাৰ  বৃহৎ দাপোনখনৰ 
সমূখত বহি সাজু হৈছিলো সিদিনা
সেই বিশেষ সাক্ষাৎকাৰটিৰ বাবে ,
মই আৰু মোৰ অৱচেতন মনৰ !!

প্ৰসাধন নাছিল দুচকুত
মৌন আছিল দুটি ওঁঠ !!
পোহৰবোৰ দুগালত পৰি
প্ৰতিফলিত হৈছিল !!
ধুনীয়া দেখিছিল তাই নিজকে
আন প্ৰতিগৰাকী নাৰীৰ দৰেই !!

বাৰ্তালাপ আৰম্ভ হৈছিল ,
অন্তৰ্ভেদী দৃষ্টিয়ে সুধিছিল মনক
কি বিচৰাছিলা জীৱনৰ পৰা ?
বাস্তৱিক জীৱনৰ উৰ্ধত গৈ আৰু কিবা ? 
নিশ্চয় ! 
আত্মাৰ পৰিতৃপ্তি !!
শেষ প্ৰাপ্তি , মোক্ষ প্ৰাপ্তি !!
স্মিত হাঁহিৰে উত্তৰ দিলো মনক !

প্ৰশান্তি উদ্ভাসিত মোৰ অৱয়ৱে 
আশ্বস্ত কৰিলে মনক !
বহুসময় পাৰ হৈ গ’ল
পাৰ্থিৱ জগতলৈ অৱগাহন কৰিলো আকৌ,
স্মৃতিক সাৱটি মোৰ সেই 
আচুতীয়া সাক্ষাৎকাৰটিৰ !!


Leave a comment