By Ramen Nath
ঘূৰি যাও মই এৰি অহা
তাহানিৰ কত যে ৰঙৰ -
ফুল বছা নানা চানেকীয়া,
পথাৰ খনলৈ ল'ৰালিৰ;
কেনিবা পথ হে নিয়তি মোৰ ?
ৰাম-ধেনুৰে ওমলা,
কত যে ৰঙৰ মেলা !
জিঁয়া-পখিলাৰ পিচে-পিচে,
উৰি ফুৰা মনেৰে,
ৰঙা-নীলা ফুল দেখি
জপিয়াই উঠা হিয়াৰে,
খেলোগৈ ফুলনিত মোৰ;
দিবানে হে নিয়তি মোৰ ?
কিমান যে আলসুৱা মৰম
আকলুৱা নিৰ্মল হিয়া খনি !
হেৰুৱালো জীৱনৰ মায়া পাশত,
বিচাৰি ফুৰিছো আজি ।
শেৱালিৰ সুবাস সেই ল'ৰালিৰ -
কিমান যে মধুৰ আজি !
পামগৈ নে তাহানিৰ দিন বোৰ ,
শৈশৱৰ সপোন আকৌ ঘূৰি ?
বাট হেৰুৱা পান্থ মই সঙ্গীহীন,
লক্ষ্যস্হানেই বা মোৰ কেনি !
যেনিয়ে চাওঁ অমানিশা ঘোৰ ,
অন্ধ চকুযুৰি পৰি
গভীৰ চামনি বাসনাৰ ।
কোন দেৱ-শিশুৰ স্পৰ্শ বাহুত -
মোৰ পথিকৃৎ উদ্ধাৰকাৰি ?
নিয়া হাত ধৰি বোপাই মোক
নিঘিনাই দিনকণা বুলি ।
নহলে যে গুচি যায় প্ৰাণ
এই অভাগাৰ এন্ধাৰতেই ।
পামগৈ পোহৰ সেই ল'ৰালিৰ
অনুভৱ ফুলনি ডৰাত মই ,
তাতেই জিলিকে মুকুতিৰ
দেউল মোৰ হেপাহৰ যুগজয়ী ।
সপোন মোৰ হবনে পূৰণ ?
কেনিবা পথ হে নিয়তি মোৰ ?