এজোপা আঁহতৰ গাঁথা – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

এজোপা আঁহতৰ গাঁথা

By Purabi Kalita

এই যে দেখিছা, এইখিনিতে, ঠিক এইখিনিতে 
এজোপা আঁহত আছিল আৰু 
এহাল কপৌয়ে তাৰ ফেৰেঙনিত বহি 
 ৰুণৰুণাই আছিল।
 সিহঁতহালৰ ৰুণৰুণনিত 
 পুৱাৰ ৰ'দালিয়েও আহি 
 মিতিৰালি পাতিছিল।
 ৰʼদালিৰ সোণ বৰণীয়া চুলিৰ ভাঁজত
 সিহঁতে খেলিছিল, জপিয়াইছিল 
 নিশা জোনাকীয়ে আহি নিচুকাইছিল
   ʼʼআমাৰে মইনা শুবএ .....ʼʼ
            হঠাৎ 
 এদিন গৰাকীৰ গছক পৰিল 
 "এইখিনিতে হ'ব মোৰ কাৰখানাটি"।
 ধূলি উৰুৱাই গুছি গ'ল গৰাকী।
   
  আকাশ -ঢাকি আঁহতজোপা 
  হামকুৰি খাই পৰিল।
  উছন পৰিল ৰ'দালি জোনাকীৰ সতে 
  কপৌহালৰ মিতিৰালি।
  শুকান আকাশত ওলমি ৰ'ল ৰ'দালি
  গান গোৱা কপৌহালক বিচাৰি নাপাই 
  এতিয়া উন্মাদ তাই 
  জোনাকীজনীও বাউলী।
   
   ধমধম ধমধম
    কাৰখানা।
   তাৰ মাজে মাজে এধানি নীৰৱতাত 
    বাজি থাকিল 
    ৰুণৰুণ ৰুণৰুণ 
            ৰুণৰুণ ৰুণৰুণ....।


Leave a comment