By Pradip Bora

কাউৰীয়ে কা নকৰোঁতেই
পিতায়ে হাল-কোৰ লৈ ওলায়,
গাত হেঁচোকি মোৰ পুৱাৰ টোপনি ভাঙি
পিতায়ে ডাঙৰকৈ কয় ,
পঢ়াই, পঢ়ে ,ৰুৱে পান ,
কেঁকোৰা মুঠিত এবাৰ ধৰিলে এৰিবলৈ টান।
পিতাই ওলাই যায়,
সিঁচি থৈ যায় মোৰ কোঠাত
পিতাইৰ দেহৰ ঘাম আৰু বোকা-মাটিৰ পথাৰ পথাৰ গোন্ধ।
কান্ধত নাঙল -যুঁৱলি লৈ
পিতাই পথাৰমুৱা হয় ,
পিঠিত ওলোমাই লৈ যায় সংসাৰৰ মেটমৰা বোজা ,
পিঠি আৰু কঁকালত এক তীব্ৰ যন্ত্ৰণা;
জীৱনৰ পোৱা নোপোৱাৰ তুলাচনীত
দুখবোৰেই চাগে ঠাঁহখাই আছে,
তথাপিও মুখত লাগি থাকে
এটা নিৰ্মল সেন্দূৰীয়া হাঁহি।
ক টোৰ কেইটা চুক চিনি নোপোৱা মানুহটোৱে
শুনি শুনি কীৰ্তন -দশমৰ পদ- ঘোষাবোৰ
খোকোজা নলগাকৈ গাই ফুৰে।
নিজৰ বুলিবলৈ পিতাইৰ আছে এটা উৱলি যোৱা গেঞ্জী আৰু আওপুৰণি চোলা;
আয়ে মাজে মাজে বকিলে পিতায়ে কয় ,
মোকনো এতিয়া সেইবোৰ কেলৈ লাগিছে,
তোৰো দেখোন একেযোৰ সাঁজ ।
মূৰে গায়ে পথাৰৰ বোকা পানীৰ লেও লৈ লৈ
বহুবাৰ পিতাই গৈছে মোৰ গাৰ তেনেই কাষেৰে
প্ৰতিবাৰেই পাওঁ পথাৰৰ বোকা-পানী আৰু
পিতাইৰ দেহৰ ঘাম মিহলি চিনাকি সুবাস।
আজি আৰু মোৰ পিতাই নাই ।
চহৰৰ কৃত্ৰিম জীৱনৰ পৰা অৱকাশ বিচাৰি
কেতিয়াবা গাঁৱৰ ঘৰলৈ আহিলে
কাষৰ পথাৰখনে মোক হাত বাউলী মাতে ;
বতাহত উঁটি অহা যেন লাগে
এপথাৰ বোকা-পানীৰ সেই সৰগীয় গোন্ধ,
মোৰ এনে লাগে যেন
এইমাত্ৰ মোৰ পিতাইহে পাৰ হৈ গ'ল
মোৰ গাৰ নিচেই কাষেৰে।
********************