By Moni Kutum
মোৰ পিতাই সময়ৰ কৃষক
সময়ত বীজ সিঁচি লালন-পালন কৰে
পিতাই পথাৰত হাড়ভঙা পৰিশ্ৰম কৰে,
পিতাইৰ শৰীৰৰ ছিটিকি পৰা
ঘামৰ গুটিবোৰ তুলি লৈ
খালী কাগজ এখনত বাকো!
বৈ যোৱা টোপালবোৰত
শব্দবোৰ ফুলি
কবিতা হ’য়৷
সময়ে বৃদ্ধিৰ সুযোগ দিয়ে
পিতাই কয় কবিতাই পেট নভৰাই
সঁচা
কবিতাই মোক যুঁজিবলৈ শক্তি দিয়ে
কবিতা প্ৰেৰণাৰ উৎস,
পিতাইৰ হাততেই কবিতা জীয়াই থাকে
সংগোপনে
প্ৰতিদিনে
পিতাই শ্ৰমত মুকুতা গজে৷
পিতাইৰ সপোন মাথোঁ এটাই
ধৰণী সোণ হ’ব
শ্যামলী মেদিনীত যেতিয়া শস্য বোৰ গজি উঠিব,
আশা অসীম
প্ৰশংসাৰ প্ৰয়োজন অনুভৱ নকৰে
জীয়াই থকাৰ এক নতুন আশা
জীয়াই থাকিবলৈকে নতুন কবিতাৰ প্ৰয়োজন৷
মণি কুটুম
বোকাখাত