মই ভালে আছোঁ আৰু আপুনি – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

মই ভালে আছোঁ আৰু আপুনি

Dr Nilima Goswami

বেলিয়ে যেনেদৰে পোহৰ দিবলৈ
পাহৰা নাই  তেনেদৰে চৰাইবোৰেও
ৰুণ দিবলৈ সংকোচ কৰা নাই 

সেয়ে মই ভালে আছোঁ আৰু আপুনি

ঋতুৱে ঋতু সলাবলৈ পাহৰা নাই 
যেনেকৈ কুলিয়ে পাহৰা নাই কুউ কুউ বুলি
বহাগক আদৰিবলৈ

সেয়ে মই ভালে আছোঁ আৰু আপুনি

জুৰিয়ে যেনেকৈ খিলখিলাই খিলখিলাই 
নৈৰ বুকুলৈ বৈ গৈছে তেনেকৈ নৈয়েও
নিজানে-নিটালে বৈ গৈছে সাগৰলৈ

সেয়ে মই ভালে আছোঁ আৰু আপুনি


ভাল লগা কথাবোৰ সম্বন্ধবোৰ 
মৰমবোৰ জীৱনৰ শিক্ষণীয় দিশবোৰ 
সৃষ্টিৰ অনন্য মুহূৰ্তবোৰ কল্পনাবোৰ
প্ৰাৰ্থনাবোৰ সোঁৱৰণিবোৰ
ইজনে সিজনৰ সৈতে সলাবলৈ বুজিবলৈ
পাহৰা নাই দয়া কল্পনা কথা আশা
মানুহে একোৱেই পাহৰা নাই 

সেয়ে মই ভালে আছোঁ  আৰু আপুনি

পৰ্বতসম আতংকৰ পাছতো মানুহে
আশা এৰা নাই বিশ্বাসো হেৰুওৱা নাই 

সেয়ে মই ভালে আছোঁ আৰু আপুনি


Leave a comment