By Mowsam Hazarika
কথা পাতিবলৈ মন গলে
মই মাজে মাজে মনকেই মাতি আনো
মই মাতিলেই মন আহে
মোৰ চেতনাৰ চোতালত বহে
মোৰ কবলগীয়া কথাবোৰ মনযোগেৰে শুনে
মোৰ মনটো বৰ বিশ্বাসী
মোৰ গোপনীয় কথাবোৰ জানিলেও
মনে আন কাকো নকয়
বুকুৰ মাজত গোপনে
কথাবোৰ সাচি থয়
ঠিক ৰত্ন সম্ভাৰ সাচি থোৱাৰ দৰে
কেতিয়াবা মনেও মোক তাৰ কথা কয়
মই সেই কথাবোৰ শুনো
সেই কথাবোৰ বুজো
মনৰ কিছুমান কথা ভাল লাগে
কিছুমান কথা বেয়া লাগে
কিছুমান কথাই হহুৱায়
কিছুমান কথাই কন্দুৱায়
মনৰ সকলো কথা মানি লব নোৱাৰো
তেতিয়া মনে মোক বেয়া পায়
কিন্তু তথাপিও মন
মোৰ পৰা আতৰি নাযায়
মনে নিৰৱে মোৰ নিজৰ মাজতে
লুকাই থাকে
সেয়ে কথা পাতিবলৈ মন গলে
মই মাজে মাজে মনকেই মাতো
মোৰ চেতনাৰ চোতালত মনেই আপোনজন
মোৰ সৈতে কথা পাতিবলৈ
আন কোনো নাথাকিলেও
মন মোৰ লগতে থাকে
বহুদিন, বহু সময়লৈ
বহু প্ৰহৰলৈ