Mon, মন – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

Mon, মন

By Mowsam Hazarika

কথা পাতিবলৈ মন গলে
মই মাজে মাজে মনকেই মাতি আনো

মই মাতিলেই মন আহে
মোৰ চেতনাৰ চোতালত বহে
মোৰ কবলগীয়া কথাবোৰ মনযোগেৰে শুনে

মোৰ মনটো বৰ বিশ্বাসী
মোৰ গোপনীয় কথাবোৰ জানিলেও
মনে আন কাকো নকয়

বুকুৰ মাজত গোপনে
কথাবোৰ সাচি থয়

ঠিক ৰত্ন সম্ভাৰ সাচি থোৱাৰ দৰে

কেতিয়াবা মনেও মোক তাৰ কথা কয়

মই সেই কথাবোৰ শুনো
সেই কথাবোৰ বুজো

মনৰ কিছুমান কথা ভাল লাগে
কিছুমান কথা বেয়া লাগে

কিছুমান কথাই হহুৱায়
কিছুমান কথাই কন্দুৱায়

মনৰ সকলো কথা মানি লব নোৱাৰো

তেতিয়া মনে মোক বেয়া পায়

কিন্তু তথাপিও মন
মোৰ পৰা আতৰি নাযায়

মনে নিৰৱে মোৰ নিজৰ মাজতে
লুকাই থাকে

সেয়ে কথা পাতিবলৈ মন গলে
মই মাজে মাজে মনকেই মাতো

মোৰ চেতনাৰ চোতালত মনেই আপোনজন

মোৰ সৈতে কথা পাতিবলৈ
আন কোনো নাথাকিলেও
মন মোৰ লগতে থাকে

বহুদিন, বহু সময়লৈ
বহু প্ৰহৰলৈ


Leave a comment