আক্ষেপ – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

আক্ষেপ

By Mouchumi Chayengia

বহুত দিন হ'ল-
নিলিখা কথা।
নেদেখা হ’ল বহুতো ভাল লগা,
সময়ৰ চেনেহ বেথা।

আগবাঢ়ি যোৱা সময় ধৰি ৰখা
ক্ষণবোৰ মৰহি এতিয়াও যোৱা নাই।
কিতাপৰ পৃষ্ঠাৰ মাজত থকা
ৰঙা গোলাপৰ পাহিয়ে
এতিয়াও কয় সেই নোকোৱা কথা।

কত যুগ পাৰ হৈ গ'ল সেই সপোন দেখা-
নয়নে নয়নে কথা,
হৃদয়ে হৃদয়ে বেথা।

বনগোলাঘৰ সুগন্ধিৰে ভৰা
সেই দিনবোৰ,
গৰমৰ বন্ধ আৰু লৰালিৰ দুষ্টালিৰে ভৰা।

আমলখি বিচৰা সেই
জাৰ্মানী বনৰ পথ,
লুঙলুঙীয়া...

আমি বৰ এতিয়া নিঃসঙ্গতাৰ প্ৰিয় সঙ্গী।

হিয়াৰ বাৰান্দাৰ এচুকত
কুচিমুচি শুনো
সোঁৱৰণিৰ চেতাৰৰ ঝংকাৰ।

খামুচি ধৰে পুৰণি সেই
বেদনাৰ ৰোগে,
জোঁকাৰি পেলাব খোজে মনে
আজীৱন বিফলতাৰ পোছাক।

আকৌ বাক একাবেকা ৰেখা-
জীৱন যুঁজৰ।

পোৱাবোৰ সামৰি লৈ,
বাকী দিন ফুলাম কৰাৰ জেদ।

এতিয়া, পৰম প্ৰিয় সখী-
এ বুকু উশাহ এৰি গ'লে চাগে,
লগতে হেৰাই যাব মোৰ যত
অসম্পূৰ্ণ, আধৰুৱা,
নিজানত সাঁচি ৰখা
অযুত সপোন...


Leave a comment