By Hemanta Kumar Nath

I want to sleep under the shadow of a cloudy and imagine to make a sweet home in the midst of the sky.
এতিয়া তোমাৰ হেনো ঠিকনা আকাশ৷
অথচঃ শুনা নাছিলো কোনোদিন আকাশ ভালপোৱাৰ কথা৷
আকাশত যেতিয়া তৰাবোৰে খেলিছিল, তুমিয়েইটো নিচুকাইছিলা৷
জোনাক ভালপোৱা বাবেই চোতাল পোহৰাইছিলা৷
Life without you is an ocean of tears. Happiness without you can't be imagined.
তোমাৰ হাঁহিৰ ভাজত উমলিছিল আমাৰ লহপহীয়া শৈশৱ৷
বুজা নাছিলো তেতিয়া৷
বুজা নাছিলা তুমি৷
তোমাৰ একোলা-দুকোলা৷
তোমাৰ উমাল আত্মীয়তা৷
তোমাৰ বুকুতেই সুনিশ্চিত কৰিছিলা আশ্ৰয়ৰ নিশ্চিত আলয়৷
Where there is too much light, the shadows are deepest.
এক, দুই আৰু তিনিৰ পিছত কি বুলিলে উত্তৰ দিবলে শিকা নাছিলো তেতিয়া৷
অথচঃ ভাল পাবলৈ শিকাইছিলা পৃথিৱীক৷
নিমগ্ন দুচকুৰে চাই ৰৈছিলা মাথোন হেঁপাহবোৰ৷
Once in a lifetime, you discover someone. Who stands beside you. You find someone who loves you for who you are and not for who you could be. Once in a lifetime you find someone who loves you the most in this world.
এমুঠি এমুঠিকৈ এদিন চটিয়াইছিলা আশাৰ সপোন৷
মুঠি মুঠি সপোনতে দেখিছিলা আমাৰ বাস্তৱিকতা৷ আমাৰ ভৱিষ্যত৷
Try not to become a man of success. But rather try to become a man of value.
যদিওবা সফলতাৰ বাট কঠিন৷
কঠিনতাৰ স'তে যুঁজাৰ আত্মবিশ্বাস গঢ়িছিলা৷
উৎসাহ, ব্যগ্ৰতা, আগ্ৰহ৷
এচিকুট কাঢ়ি জীৱন গঢ়াৰ পণ কৰাইছিলা৷
বৰ নিঃস্বাৰ্থ তুমি৷ স্বাৰ্থহীন৷
নাভাবিলা কোনোদিন নিজৰ বাবে৷
উপলব্ধিয়েই নকৰিলা নিজৰ প্ৰয়োজনীয়তা৷
স্বকেন্দ্ৰিক দৈনতাত কোনোদিনে নাকাঢ়িলা হুমুনিয়াহ৷
নোপোৱাৰ হা-হুতাশ৷
Think not on what you lack as much as on what you have.
হাতৰ তলুৱাত এতলুৱা শূন্যতাকে আদৰিলা৷
এতিয়া সকলোবোৰ মাথোন স্মৃতি৷
ভাবিবলৈ কঠিন হৈ পৰে৷
ৰি-ৰিকৈ বিষাই উঠে বুকু৷
শূন্যতাই আচাঁৰি যায় হৃদয়৷
দি গ'লা মাথোন বিদায়ৰ চৰন পৰশ৷
জীৱন৷
ইও এটা অন্য পাঠ
জীৱনৰে৷
প্ৰবাহিত ঢৌত মাথোন স্বপ্ন-দুঃস্বপ্ন৷
Truth must have no compromise.
তোমাৰ ভালপোৱা শেষ নোহোৱা মালিতাৰ হিমসনা বিষাদ৷
এজাক উজ্জ্বল সাদৰি ৰ'দ৷