সময় – Delhi Poetry Slam

সময়

By Gojendra Prasad Borah


সময়ত আহিব সময়ত যাব,
সময় অনুবতে ঘটনা ঘটিব।
সময়ৰ সোঁৱৰণি সময়ত পাহৰণি,
অঘটন দাবাগ্নি পৰিশেষ মুখাগ্নি।
অৰ্ধদগ্ধ মৃতদেহ উপহাস মৰমস্নেহ,
নিয়তিৰ পৰিঘ ত্ৰাসিতৰ বিদেহ ।
 
মানৱ জীৱন সময়ৰ সাজন,
শৈশৱ, তৰুণ সময়ত যৌৱন। 
জনমৰ আৰম্ভণ মৰণৰ আৱাহন, 
সময়ৰ নিৰ্ঘটন সকলো সমাপন। 
সময়ত পাবলৈ সময়ত খাবলৈ,
সময়ত যোৱালৈ নহ'ব ৰ'বলৈ ।
কৰাবলৈ উত্তৰণ আনিবলৈ জাগৰণ, 
সময়ত আৰম্ভণ সময়ত সমাপন।
  
সময় নদী সঁৱতি নিৰৱধি জাগৃতি,
আচনিৰ সুপ্ৰস্তুতি জীৱনৰ উন্নতি।
সময়েই কাৰক ধাৰক বাহক, 
সময়েই বিচলক উদ্বোধক সমৰ্থক।
প্ৰাপ্তি- নিষ্পত্তিৰ সময়মতে স্থিৰ,
হলেও অধীৰ সৰ্বক্ষেত্ৰে স্থবিৰ। 
সময়ত প্ৰবাহিত সময়ত সমাহিত, 
সময়ত উচ্চাসিত সময়তেই নিৰ্বাপিত।


Leave a comment