Dr. Swapnali Borah – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

ফাগুন

By Dr. Swapnali Borah

ফাগুন আহিলেই 
উদাসী শুকুলা ডাৱৰৰ দৰেই
পছোৱাৰ গইনা লৈ উৰি ফুৰো ।

ডেউকালগা শুকান পাতৰ
মৃদু কোলাহলত
শতিকাজোৰা ধূলিৰ ওৰণি টানি
সময়ৰ কোলাত ভৰ দি 
স্মৃতিৰ জখলাৰে
চাওঁ নেচাওঁকৈ 
তোমালৈ পুনৰ জুমি চাওঁ ।

জানানে, 
এই আপদীয়া মনটো 
এডাল সৰল ৰেখাতেই ৰৈ গল
অহৰহ অহা যোৱা গতি তাৰ 
আৱহমান ।

সুৰুঙা পালেই সৰকি গুছি যায় ।
সুৰুঙা বোৰ যে আৰু...
গম পালে তুমি হাঁহিবা...

তুমি ভাল পোৱা 
আকাশী নীলাত
তোমাৰ আদৰবোৰে
স্মৃতিৰে সতে
সাতোৰঙী ফুল তোলে...

তোমাৰ প্ৰিয় 
মাধৈ মালতীৰ গোন্ধে
সন্ধিয়াটো মাতাল কৰে 
জোনাকীৰ পোহৰে
মোক আৱৰি ধৰে ...

ভৰ দূপৰীয়া 
শিমলুৰ শেতেলীত 
পলাশে পৰাণত
কঁপনি তোলে
এজাক সপোনে
মনটোক লৈ
উৰা মাৰে...

পুনৰ টানি আনি কায়িক 
জৰীৰে আটি আটি বান্ধো 
এই দোদুল্যমান আলসুৱা
অবুজ অঘৰী মনৰ
এই যে অহা যোৱা খেলৰ
তুমি বাৰু জানানে খবৰ !


Leave a comment