ঋতাভি গগৈ, তুমি – Delhi Poetry Slam

ঋতাভি গগৈ, তুমি

By Bikash Gogoi

 

 

ঋতাভি গগৈ, তুমি...
"তুমি আহিবাঁ নে, নে আজিও মোৰ বুকুৰ পথাৰত  নিমিষীয়া বতাহ হৈ উৰি যাবা?"
আকাশৰ ধুমুহাই সুধিছে, মই ক'ব নোৱাৰোঁ...
এন্ধাৰত তোমাৰ পদধ্বনি শুনোঁ,
কিন্তু পোহৰ আহিলে, তুমি সপোন আছিলা নে বাস্তৱ, সেইটোহে অনুভব কৰিব নোৱাৰোঁ!"

তুমি ঋতাভি গগৈ—
ৰয়েল ইউনিভার্সিটিৰ
চিটি বাছষ্টপত থমকি ৰোৱা,
নগৰৰ কোলাত উশাহ লোৱা,
মই তোমাক চাই চাই
উলমি উলমি বাছত Address হেৰুৱাওঁ।

তুমি কেতিয়া নামিবা?
কেণ্টিনৰ উষ্ণ কাপৰ ধোঁৱা উৰে,
বন্ধুসকলৰ হাঁহিত দিন বিলায়,
এনেকৈ পাহৰি যাবা জানো?
মই নাজানোঁ—
মই মাথোঁ তোমাক বিচাৰি
গুমটিৰ চাহত ফুঁ দি,
অভ্যাসৰ দৰে হাঁহি মগন হৈ থাকোঁ।

তুমি সততং জ্যোতিৰ্ময়ং—
এটা Aurum-lit সন্ধিয়া,
য'ত প্ৰেম চঞ্চল নিশা,
অস্তিত্বৰ মগ্ন মেঘদূত!

তুমি কি বৰষুণৰ খহটা গান?
নে গ্ৰাফিতিৰ ৰঙীন প্ৰতিবাদ?
নগৰখনো তোমাৰ দৰে,
বোকা-বালিৰে লেপি দিয়া এখন কাঁচ চহৰ!

স্মৃতি আচেনে সেই সন্ধিয়াটোৰ?
বেলতলা বজাৰৰ ধূলি
গুজি আহিছিল তোমাৰ চুলি জুৰি,
বাটৰ কাষৰ ফুলজোপাৰ তলত
তুমি মিচিকিয়াই হাঁহি মাৰি কলা
"প্ৰেম শব্দটো এজোপা বনফুল,
*উভালি চোৱাৰ আগতে নীৰৱে উৰি যায়।"

তুমি কি জানা  ?
ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ এতিয়া সোণোৱালী হৈ উঠে,
নহয় খালি হেঁপাহৰ কাৰণে,
অথবা কোনো পুৰণি সংগীতৰ বাবে—
বৰং স্বপ্নবোৰে নীলামত বিক্ৰী হোৱা যুগৰ বাবে।

তুমি কি ভালপোৱা?
Caribbean Rum নে Ireland Whisky?
ঢৌৱে চুমা খোৱা ট্ৰপিকেল সন্ধ্যা
নে নিশাৰ বতাহৰ উষ্ণ উমাল?

তুমি কি ভালপোৱা?
ৰ'মৰ মাজত সাগৰৰ গল্প,
নে হুইস্কীৰ মাজত উষ্ণ নস্টালজিয়া?
বাৰচেয়াৰৰ মিঠা Jazz,
নে প্ৰাচীনযুগৰ কঁপালত Bagpipeৰ সুৰ?

প্ৰেম কি সত্যই ঠিকনাবিহীন বাছ?
নে কপৌফুলবোৰ শিলঙৰ বতাহৰ সৈতে উৰি যোৱাৰ নাম?
জয়ানগৰ, বেলতলা—
সকলোৰে বুকুত আছে তোমাৰ দাগ,
অৱশ্যে তুমি কোনো নীতিৰ দাসী নহয়,
তুমি— এখন উৰা সপোন,
এখন বিদ্ৰোহী কবিতা,
একোখন অজান দিনৰ মানচিত্ৰ!

ঋতাভি গগৈ,
তুমি জীয়াই আছা
"Cafe Artist"ৰ উষ্ণ কাপত,
নিৰ্জন ৰাতিৰ ডায়েৰী পাতত,
বাইকত উৰে যোৱা অলেখ বিষন্ন সন্ধ্যাত।
তুমি যদি গুচি যোৱা,
স্মৃতি হৈ উজলি থাকিবা
এজাক বৰষুণত,
এটা অলেখ বিপ্লৱৰ সন্ধানত,
অথবা এখন নতুন অসমীয়া সপোনৰ পাতত।
তুমি ভালে থাকা,
তুমি জীয়নৰ ৰঙশনা সপোন,
তুমি লাইটহাউচ,
একেবেঁকা পথ দেখুওৱা থকা।
ঋতাভি গগৈ, তুমি ভালেই থাকা!


Leave a comment