মোৰ বান্ধৱী শাহুমা – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

মোৰ বান্ধৱী শাহুমা

By Barnali Bordoloi Teron

প্রতিটো ক্ষণ প্রতিটো পল
অনুভৱ কৰো তোমাৰ অনুপস্থিতি
মা....

বুজাব নোৱাৰা এটি শোকে
অহৰহ খেদি ফুৰে মোক
তোমাৰ মৰমেৰে,তোমাৰ চেনেহেৰে
উপচাই পেলাইছিলা মোৰ নতুন জীৱন...

পাহৰিব শিকালে তোমাৰ মৰমে
নিজৰ ঘৰ নিজৰ আপোনবোৰক
এৰি অহাৰ সকলো দুঃখ বেদনা।

আজি বাৰুকৈয়ে মনত পৰিছে
তোমাৰ সৈতে কটোৱা
এটি এটি মূহুর্ত্ত...

সেই যে পিছফালৰ বাৰন্দাখনত
শীতৰ গধূলি জুইৰ উমলৈ
আমি কটোৱা সময়বোৰ...
পাচলি কাটি থাকোতে
তুমি কোৱা তোমাৰ অতীতৰ কাহিনীবোৰ
বৰকৈ শুনিবলৈ মন গৈছে মা....

আৰু সেই যে
মোৰ নিজৰ কোঠালীৰ পৰা ওলাই অহা
অলপ পলম হ'লেই
ঠিকেই আছানে মা...বুলি সোধা
তোমাৰ মৰমৰ মাতষাৰ
আকৌ শুনিবলৈ বৰ মন গৈছে মা....

প্রথম সন্তানৰ মাতৃ হৈ
চিকিৎসালয়ৰ পৰা ঘৰলৈ
উভতি অহাৰ পিছত
সোনকালে আৰোগ্য হ'বলৈ
তুমি বনাই দিয়া
ঔষধি ভাত সাজৰ সোৱাদ
ক'তোৱেই বিচাৰি নাপাওঁ চোন মা...

আৰু যে "মিৰবাদী"এলবামৰ গানটো
বজোৱাৰ লগে লগেই
তুমি য'তেই নাথাকা
তৎক্ষণাত আহি
তোমাৰ মিছিকীয়া হাঁহিৰে
গানটো গুণ গুনাই গুনাই
তাৰ অর্থ মোক বুজাবলৈ চেষ্টা কৰিছিলা...

তুমি জানা
মোৰ কার্বি ভাষা শিকা
আধৰুৱা হৈয়েই ৰ'ল
তুমি শিকোৱা খিনিৰ বাহিৰে
আৰু নতুনকৈ শিকিবলৈ
মনেই যে নগ'ল মা....

বহু কথাই তোমাৰ আৰু মোৰ মাজৰ
আধৰুৱা হৈয়েই ৰ'ল
ডাঙৰ মইনা হেৰুৱাৰ দুখ পাতলাবলৈ
মই দিল্লীলৈ যোৱাৰ পিছত
শুনিবলৈ পাইছিলো
তুমি হেনো মনৰ দুঃখত
কাঠ খৰিৰ টুকুৰাৰে
নিজৰ মূৰত আঘাত কৰিছিলা...
আৰু কিছুদিনৰ পিছত শুনিবলৈ পালো
তুমি হেনো অসুস্থ
বিচনা লৈছা...

ইমান কম সময়ৰ ভিতৰত তুমি
কেনেকৈ ইমান অসুস্থ হৈ পৰিলা
মই তলকিবই নোৱাৰিলো মা...

তোমাৰ অসুখৰ খবৰ শুনি
মই উভতি আহিলো ঠিকেই
কিন্তু সন্তান হেৰুৱাৰ মানসিক অসুস্থতাৰ কাৰণে
তোমাক ভালদৰে
ধ্যানেই দিব নোৱাৰিলো মা...
বৰ কষ্ট পাওঁ অ' ভাবিলে মা....

আনকি তোমাৰ মৃতদেহটোৰ ওচৰলৈ গৈ
তোমাক শেষবাৰলৈ চোৱাৰ
সাহসকনো গোটাব নোৱাৰিলো মই
কোঠালীৰ দোৱাৰ বন্ধ কৰি
মাথো কান্দিছিলো আৰু কান্দিছিলো ....

আৰু লিখিব নোৱাৰা হৈ পৰিছো মা...
চকুৰ পানীৰে গোটেইখন জলাকাৰ হৈ পৰিছে
মোক ক্ষমা কৰিবা মা...
মোক ক্ষমা কৰিবা ।।।


Leave a comment