সময় – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

সময়

By Asfiya Ahmed


ইতিহাস সমৃদ্ধ সময়ৰ দস্তাবেজখনি
নহয় যেন কেতিয়াও কালিকা স্বাক্ষৰিত

সময়......

এবাৰ কৰি ল উভতনি যাত্রা
গৌৰৱোজ্জ্বল অসমৰ প্ৰতিটো অধ্যায়ৰ
ৰৌদ্ৰস্নাতা প্ৰতিটো পৃষ্ঠা,
শ্বহীদৰ তেজে ধোৱা মাটিত
এতিয়াও বিচাৰি পাবি অনুগত্য...
বিশ্বাস আৰু আত্ম বলিদানৰ প্ৰতিটো খণ্ডই
এতিয়াও শিহৰিত কৰি তুলিব তোৰ মন গহন

বৰগীত ... নাম... আজান... জিকিৰৰ প্ৰতিধ্বনিত
এতিয়াও মুখৰিত হয় প্ৰতিটো সন্ধিয়াৰ প্ৰহৰ
মহাবাহুৰ দুয়োপাৰ জিলিকোৱা ডেকা ল'ৰাৰ
আজিও মৰিবলৈ ভয় নাই....
বিশ্ব দৰবাৰত নাম খোদিত কৰিবলৈ
ঐক্যৰ চানেকীত একতাৰ পৰিচয় লৈ
আজিও সাজু প্ৰতিগৰাকী অসমী আইৰ সন্তান
ধৰ্মৰ দলিলত নিৰপেক্ষতাৰ হস্তাক্ষৰ
এতিয়াও কঢ়িয়াই ফুৰে প্ৰতিগৰাকী অসমীয়াই

অতীতক আকৌ এবাৰ সুঁৱৰি
খোজ দিবি বৰ্তমানত...
কোনো কাৰণতেই যেন জবাবদিহি নহৱ তই
ভৱিষ্যত প্ৰজন্মৰ ওচৰত... । ।

আছফিয়া আহমেদ ।
গুৱাহাটী ।


1 comment

  • সুন্দৰ কাব্যিকতা, বৰ ভাল পালোঁ ৷ সাম্প্ৰতিক, সত্য অন্বেষণ যাত্ৰা ৷ আপোনাৰ কাপেৰে নিগৰি আহক নতুন সৃষ্টি, নব্য কবিতা ৷

    Shahid Islam

Leave a comment