আজাদী কা অমৃত – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

আজাদী কা অমৃত

By Trishamani Deka

 

এজোপা গছ
বহু পুৰণি,
শিপাবোৰৰ কাষে কাষে মস্ত গাত,
সেই গাতত অনুসন্ধান চলে,
প্ৰাচীনৰ পৰিসীমা বিচাৰি
নীলা শিয়ালে আৰাও জুৰে।

এজোপা গছ,
উৎকট গৰমত ছাঁ দিয়া গছ,
ছাঁত বহি সকলোৱে জিৰায়,
নাটক চায়,
চাইৰেণ লগোৱা গাড়ীত উঠি
ভাৱৰীয়াবোৰ আহে,
নিজৰ নিজৰ ডাইলগবোৰ গাই আঁতৰি যায়,
তাৰ পিছত আৰম্ভ হয় এখন খেল,
ৰছী টনা খেল.........
খেলৰ শেষত পকা ফলবোৰ লৈ যায় এটা দলে,
আনটো দলে লৈ যায় সেউজীয়া পাতবোৰ,
ৰৈ যায় মাথোঁ এজোপা লঠঙা গছ ।

এজোপা গছ,
ঠিক আইতাৰ সাধুকথাত
যখিনী ওলমি থকা গছৰ দৰেই,
কিন্তু এইজোপা গছত যখিনী নাথাকে,
ওলমি থাকে
যৌতুকৰ বলি হোৱা বোৱাৰীবোৰ,
ধৰ্ষিতা নাৰীবোৰ,
ধাৰ খুজিব নোৱাৰা খেতিয়কবোৰ
আৰু ভৱিষ্যতৰ ব্যৰ্থ সপোনবোৰ।

শুকাই যাব ধৰা এজোপা গছ,
শিপাবোৰ পচিব ধৰিছে,
ঠেঙুলিবোৰ খহিব ধৰিছে,
তাক জীয়াই তুলিবলৈ এতিয়া লাগে মাথোঁ
অমৃত ------------
আজাদী কা অমৃত।


Leave a comment