সত্য – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

সত্য

By Jagadish Goswami

অৱক্ষয়ৰ অৱশেষ
অস্তিত্ব নে শূণ্য!
জুঁই ছাঁই
হাড় মাটি
পুৰণা অংক
নতুন গন্তি,
লাখুটি ভাগিন
মানুহ পৰিল
অটল
গহ্বৰৰ গৰ্ভ,
শৃংগ খালী
আল্লাদিনৰ চাকি,
মৰা গ'ল
মৃত্যু সত্য
জীয়া ৰ'ল
অশেষ অকথ্য,
আকৌ গ'লো
চুই চালোঁ
ইশ্বৰৰ ইস্পাটৰ বৰ্ম?


Leave a comment