EKANTA ARANYA – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

EKANTA ARANYA

By Nirmal Upadhyaya

"একান্ত অৰণ্য

আমি কোনেও শূন্যতাক প্রতিপালন নকৰো অদৃশ্য অৰণ্য এখন শূন্যতাৰ বুকুত কঢ়িয়াই ফুৰো জীৱন জুৰি

দেউতাৰ দুটোপাল তেজ আৰু মাৰ এচিকুট উশাহৰ আধাৰত পবিত্র জলাধাৰত কুচিমুচি শুই থাকোতেই আমাৰ বুকুত খামুচি থিয় হয় শূন্যতা নামৰ চিৰ সেউজীয়া উদ্ভিদ

শূন্যতাও ভ্ৰণৰ সৈতে গজে বাসনাত পোখা মেলে সময়ত ফুল ধৰে বীজ হয় সেই বীজো সৰে নতুন পুলি গজে সেই পুলিয়েও ডাল-পাত মেলে ভৰি পৰে বুকু সৃষ্টি হয় অৰণ্যৰ

এনেকৈয়ে

এনেকৈয়ে ইচ্ছা গ'লেই হেৰাই যাব পৰা একান্ত অৰণ্য এখন বুকুত লৈয়েই আমিবোৰ জীয়াই থাকো নাইবা মহাপ্রয়াণ কৰো আমি কোনেও শূন্যতাক প্রতিপালন নকৰো ।।

('গৰিয়সী' আলোচনীত ইতিমধ্যে প্ৰকাশিত)"


Leave a comment