নীলা খামৰ চিঠি – Delhi Poetry Slam

Submit your poems to Wingword Poetry Competition 2026 ✍️🥇

নীলা খামৰ চিঠি

BY DIPANNITA BAISHYA 

অ' মিচিকীয়া হাঁহিৰ গৰাকী
তোমাক প্ৰথম দেখিছিলো কৃষ্ণচূড়াৰ নগৰত
কৃষ্ণচূড়াৰে সজোৱা সেন্দুৰীয়া বাটেৰে
যেতিয়া তুমি তোমাৰ খোজ পেলাইছিলা
তোমাক প্ৰথম দেখিছিলো।
ব্লু জিন্‌ছ , হোৱাইট ছাৰ্ট হাতত এখনি গীতাৰ আৰু
মুখত মিচিকীয়া হাঁহিটি লৈ আগবাঢ়িছিলা মাৰ্কেটলৈ ।
মেঘালীত আহি, গৰম চিঙৰা আৰু চাহ একাপ
অৰ্ডাৰ দিছিলা।
গৰম চিঙৰা আৰু চাহ মোৰো খুব প্ৰিয়
কেতিয়াবা যদি চিনাকী হও, তেতিয়া মাৰ্কেটৰ সন্ধিয়াৰ ছবিখন আমি আমাৰ কথাৰ ৰঙেৰেই আকিঁম দিয়া , বুলি মনতে কৈছিলো।
অ' মিচিকীয়া হাঁহিৰ গৰাকী
এটি কথা জানানে বাৰু, তোমাক প্ৰথম বাৰলৈ দেখি মোৰ মনত হাজাৰটা প্ৰশ্নই প্ৰতিযোগীতা কৰিছিলে
তোমাৰ নামটি বা কি ? ঠিকনা বা ক'ৰ ? GU কেম্পাচৰ নে AEC কেম্পাচৰ ?
ডিপাৰ্টমেণ্ট বা কি ?
উফ্‌ !শুনানা
তোমাৰ দাৰিৰ আৰত গুপ্ত হৈ থকা
মৰমলগা ডিম্পলটো , সেই ডিম্পলটোৱে যেন
মোৰ মনটোক ফাগুনৰ বতাহ জাকৰ দৰে
নাছিবলৈ বাধ্য কৰাইছে।
তোমাৰ আঙুলী আৰু গীতাৰৰ স্প্ৰীং কেইডালৰ সম্পৰ্কই যেতিয়া গঢ়ি তুলিছিলে
এটি মিঠা সুৰ , কুলিটিয়ে যেনেকৈ প্ৰকৃতিৰ আৰু
বৰষুণ জাক যেনেকৈ পৃথিৱীৰ প্ৰেমত পৰিছিল হয়তো তেনেকৈ মইও তোমাৰ প্ৰেমত পৰিছিলো সেই মূহুৰ্তত।
প্ৰথম ভালপোৱাৰ চাদৰখনি হয়তো তুমি মোক সেইদিনাখনেই পিন্ধাই দিছিলা।
অ' মিচিকীয়া হাঁহিৰ গৰাকী
কেতিয়াবা তোমালৈ দি পঠিয়াম
এখনি নীলা খামৰ চিঠি, য'ত থাকিব
মোৰ মনৰ বাতৰি, ল'বা নে তুমি আদৰি ?
যাবা নেকি মোৰ লগত তুমি চিত্ৰলেখা নগৰীলৈ
ঊষাৰ অনিৰুদ্ধ হ'বলৈ দিঠকত ,
বুলি মনতে লিখিছিলো ।

অ' মিচিকীয়া হাঁহিৰ গৰাকী
তোমাক প্ৰথম দেখিছিলো কৃষ্ণচূড়া নগৰত
য'ত তুমি পিন্ধাই গৈছিলা ,
প্ৰথম ভালপোৱাৰ চাদৰখনি ।


3 comments

  • মন চুই যোৱা এখন জীয়া মৰমৰ ছবি…..মন চুই গল❤️

    Mayuri phukan
  • ইমান ধুনীয়া কবিতা । প্ৰেম প্ৰেম ভাৱৰ মিঠা মিঠা ❤️

    Dipshikha Borah
  • I can feel the poets heart.. such expressive words for the thoughts!

    BD

Leave a comment